জেনেৰেল বিপিন ৰাৱাটৰ সতৰ্কবাণী-”এলএচিৰ স্থানান্তৰ কেতিয়াও গ্রহণযোগ্য নহয়”

0 229

সীমান্তৰ উত্তেজনা প্রশমিত কৰিবলৈ ভাৰত–চীনৰ শীর্ষ সামৰিক কমাণ্ডাৰৰ অষ্টম পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ মুহূর্ততে চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটে আজি সতর্কবাণী কৰিছে যে পৰিস্থিতি এতিয়া নিয়ন্ত্রণৰ বাহিৰলৈ গৈ আছে৷ এক বৃহৎ সংঘাতৰ ফালে ক্রমাৎ গতি কৰিব পাৰে সীমান্তৰ পৰিস্থিতিয়ে৷ এনে পৰিস্থিতি সত্ত্বেও ভাৰতে কেতিয়াও প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি) স্থানান্তৰিত বা সলনি হোৱাটো মানি নলয়৷ ভাৰতৰ বাবে এয়া কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও মন্তব্য কৰে ৰাৱাটে৷ নতুন দিল্লীত নেচনেল ডিফেন্স কলেজত হীৰক জয়ন্তীৰ অনুষ্ঠানত অংশগ্রহণ কৰি চিডিএছ ৰাৱাটে এই কথাও উল্লেখ কৰে যে চীনা সেনা পিএলএই এলএচিৰ উত্তেজনা বিভিন্ন ধৰণে ইন্ধন যোগাই আহিছে৷ লাডাখত চীনা সেনাই নিজৰ ভুলৰ পৰিণতি ভোগ কৰিব লগা হৈছে বুলিও উল্লেখ কৰিছে জেনেৰেল ৰাৱাটে৷ ভাৰতীয় সেনাই লাডাখত চীনক যোগ্য প্রত্যুত্তৰ দিয়া বুলি উল্লেখ কৰি জেনেৰেল ৰাৱাটে এইবুলিও কয় যে সামগ্রিক নিৰাপত্তা বিষয়ৰ হিচাপ–নিকাচ, সীমান্তৰ সংঘাত, চীনা সৈন্যৰ আগ্রাসন আৰু অপ্রৰোচিত কৌশলপূর্ণ সামৰিক গতিবিধিয়ে এক বৃহৎ সংঘাতৰ সৃষ্টি কৰিব পাৰে, ইয়াক অস্বীকাৰ কৰিব নোৱাৰি৷ লক্ষণীয়ভাৱে ৰাৱাটে আজি এই অনুষ্ঠানত চীন আৰু পাকিস্তানলৈ পুনৰ সকীয়নি বার্তা প্রেৰণ কৰিছে৷ স্মর্তব্য যে মাত্র এদিন পূর্বে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ভাৰতে ইয়াৰ সার্বভৌমত্ব তথা আঞ্চলিক সংহতি ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছিল৷ আনহাতে প্রতিৰক্ষা মন্ত্রীগৰাকীৰ বক্তব্যৰ এদিন পিছতে জেনেৰেল ৰাৱাটৰ এই সতর্কবাণীক লৈ বিশেষ চর্চা চলিছে সংবাদ মাধ্যমত৷

media school
Leave A Reply

Your email address will not be published.