অৱশেষত আহিল সেই বহু প্ৰত্যাশিত খবৰ।ডনাল্ড ট্ৰাম্পৰ উত্তৰসূৰী হ’ল জ’ বাইডেন।

0 437

অৱশেষত আহিল সেই বহু প্ৰত্যাশিত খবৰ।ডনাল্ড ট্ৰাম্পৰ উত্তৰসূৰী হ’ল জ’ বাইডেন।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰা হ’ল জ’ বাইডেনৰ নাম।

উপ ৰাষ্ট্ৰপতি হোৱাৰ দিশে আগবাঢ়িছে ভাৰতীয় মূলৰ কমলা হেৰিছ।

২০২০ চনৰ পৰা ২০২৩ চনলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত থাকিব জ’ বিডেন।

২৯০ খন আসনেৰে আমেৰিকাবাসীৰ ৫০ শতাংশ ভোট পৰিল নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিদেনৰ পক্ষত।

তাৰবিপৰীতে সদ্য ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৪ খন আসন।শতাংশৰ ভিত্তিত ডনাল্ড ট্ৰাম্পৰ পক্ষত ভোট দিলে ৪৭.৭ শতাংশ।

জ’ বাইডেনে মুঠ ৭,৪৮,৪৭,৮৩৪টা ভোট লাভ কৰিছে। আনহাতে ডনাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৪খন আসন। ডনাল্ড ট্ৰাম্পে লাভ কৰিছে ৭,০৫,৯১,৫৩১টা ভোট।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি হ’বলৈ প্ৰয়োজন আছিল ২৭০খন আসনৰ।

উত্থান-পতন-পীড়নৰ এক সংগ্ৰামী জীৱনৰ অভিজ্ঞতা পুষ্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইদেনৰো সমকালীন ৰাজনীতিত ভাৰতৰ সৈতে আছে সু সম্পৰ্ক।

উপ ৰাষ্ট্ৰপতি নিৰ্বাচিত ইণ্ডো-আফ্ৰিকান মূলৰ আমেৰিকান কমলা হেৰিছ।

media school
Leave A Reply

Your email address will not be published.