বৰঝাৰ বিমানবন্দৰত শিয়ালৰ অবাধ বিচৰণ;দুর্ঘটনাৰ শংকা

0 252

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত শিয়ালে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে৷ শিয়ালৰ অবাধ বিচৰণৰ বাবে বিমানৰ উৰণ আৰু অৱতৰণৰ সময়ত দুর্ঘটনাৰ আশংকাৰো উদ্ভৱ হৈছে৷ এনে পৰিস্থিতিত শিয়াল নিয়ন্ত্রণৰ বাবে ৰাজ্যৰ বন বিভাগে বিশেষ অভিযানকাৰী গোট গঠন কৰিবলগীয়া হৈছে৷অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ৱে শিয়াল ৰুধিবলৈ প্রস্তুত কৰিছে ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ (এছ অ’ পি)৷ এছ অ’ পি অনুসৰি বিমানবন্দৰত প্রৱেশ কৰা শিয়ালক চিনাক্ত আৰু কৰায়ত্ত কৰাৰ পাছত মহানগৰীৰ কোনো বনাঞ্চলত মুকলি কৰি দিয়া হ’ব৷ ইফালে, অভিযানকাৰী দলটোৰ নেতৃত্ব দিয়া বন বিভাগৰ কেন্দ্রীয় অসম চার্কোলৰ মুখ্য বন সংৰক্ষক হেমকান্ত তালুকদাৰে কয় যে শিয়ালৰ বাবে এতিয়ালৈকে কোনো দুর্ঘটনা সংঘটিত হোৱা নাই যদিও সম্ভাব্য দুর্ঘটনাৰ প্রতি লক্ষ্য ৰাখি কিছু সাৱধানতামূলক ব্যৱস্থা লোৱা হৈছে৷এইক্ষেত্রত বন বিভাগক সহায় কৰিব পশু চিকিৎসা বিভাগ, বন্যপ্রাণী বিশেষজ্ঞ আৰু বেচৰকাৰী সংগঠনৰ সদস্যসকলে৷

media school
Leave A Reply

Your email address will not be published.