ক’ৰোনাৰ প্ৰভাৱ, ভাৰ্চুৱেলী পালন কৰা হ’ব হৰ্ণবিল উৎসৱ…

0 149

হৰ্ণবিল উৎসৱ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নাগালেণ্ড চৰকাৰে। এইবাৰৰ হৰ্ণবিল উৎসৱ পালন কৰা হ’ব ভাৰ্চুৱেলী ।ক’ৰোনাৰ ভয়াৱহতাৰ বাবে বাবে এই সিদ্ধান্ত লৈছে নাগালেণ্ড চৰকাৰে। শনিবাৰে নিশা এক জাননীযোগ এই কথা সদৰী কৰে নাগালেণ্ড চৰকাৰে।ৰাজ্যখনৰ পৰ্যটন বিভাগে সদৰী কৰা অনুসৰি, অডিঅ’ ভিজুৱেল মিডিয়া চেনেল আৰু ছ’চিয়েল মিডিয়াযোগে এই উৎসৱ প্ৰদৰ্শন কৰা হ’ব। নিজ নিজ বাসগৃহতে বহি বহি সকলোৱে টিভি বা ছ’চিয়েল মিডিয়াত চাই উপভোগ কৰিব পাৰিব হৰ্ণবিল উৎসৱ।

media school
Leave A Reply

Your email address will not be published.