ড্ৰাগছৰ গোচৰ : বলীউডৰ প্ৰযোজক-পৰিচালকৰ ঘৰে ঘৰে এনচিবিৰ অভিযান…

0 254

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ গোচৰত এনচিবিৰ তদন্ত প্ৰক্ৰিয়া আব্যহত আছে । বলীউডৰ তাৰককৈ সকলৰ পিচত এনচিবিয়ে বলিউডৰ পৰিচালকৰ আৰু প্ৰযোজকৰ ঘৰত অভিযান চলাই । এনচিবিয়ে এই পৰ্যন্ত তদন্তৰ স্বাৰ্থত কোনো পৰিচালক আৰু প্ৰযোজকৰ নাম ব্যক্ত কৰা নাই ।জানিব পৰা মতে এনচিবিয়ে মুম্বাইত শনিবাৰে নিশা বিভিন্ন জন বলিউদৰ পৰিচালক আৰু প্ৰযোজকৰ ঘৰত অভিযান চলাই এনচিবিৰ সূত্ৰই জনোৱা অনুসৰি কিছুমান পৰিচালক আৰু প্ৰযোজকৰ ঘৰৰ পৰা সামান্য পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। এই অভিযান শনিবাৰে নিশাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে।জানিব পৰা গৈছে যে এই কেলেংকাৰীত এন চি বি দলে আটক কৰা বহু ড্ৰাগ সৰবৰাহকাৰীয়ে বলীউডত ড্ৰাগ যোগান ৰখাৰ কথা গ্ৰহণ কৰিছে। এই ড্ৰাগছ সৰবৰাহকাৰীৰ ভিত্তি কৰি, এনচিবিয়ে পদক্ষেপ অব্যাহত আছে।

media school
Leave A Reply

Your email address will not be published.