টাটাৰ ডেৰ ঘণ্টীয়া ক’ৰোণা টেষ্ট কিট—-

0 143

ক’ভিড টেষ্টৰ ফলাফল জানিবলৈ এতিয়া দুই তিনিদিন সময়ৰ প্ৰয়োজন নহয়, মাত্ৰ ডেৰ ঘন্টাতে আপুনি জানিব পাৰিব ক’ভিড টেষ্টৰ চূড়ান্ত ফলাফল। এই টেষ্ট কিট উদ্ভাৱন কৰিছে টাটা গ্ৰুপে ।ডিচেম্বৰত এই কিটৰ দ্বাৰা হস্পিতাল অথবা পৰীক্ষাগাৰত টেষ্ট কৰিব পৰা যাব বুলি দাবী কৰিছে টাটা মেডিকেল এণ্ড ডাইগ’নষ্টিকৰ মুখ্য গিৰিশ কৃষ্ণমূৰ্তিয়ে ।সম্প্ৰতি কৰ’নাত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাইছে। এই সন্দৰ্ভত টাটাই দাবী কৰে যে, ডিচেম্বৰত পৰীক্ষা কিট ওলোৱাৰ লগে লগে সমস্যাৰ সমাধান হ’ব ।চৰকাৰৰ দ্বাৰা অনুমোদিত এই টেষ্ট কিটটোৰে পৰীক্ষা কৰিলে ৯০ মিনিটৰ ভিতৰত ফলাফল উপলব্ধ হ’ব ।আনহাতে, ইতিমধ্যে টাটাই চেন্নাই কাৰখানাত ইয়াৰ উৎপাদন আৰম্ভ কৰিছে।

media school
Leave A Reply

Your email address will not be published.