পুনৰ মুকলি পবিতৰা অভয়াৰণ্য…
পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য। ইয়াক কেন্দ্ৰ কৰি সজাই তোলা হৈছে অভয়াৰণ্য খনৰ মূল প্ৰৱেশ দ্বাৰ। ৰং বিৰং কৰি তোলা হৈছে হাদুক ওলোমা সেতু।এই ওলোমা সেঁতু খন হাজাৰ হাজাৰ দর্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। মুকলি অনুষ্ঠানৰ বাবে চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে। মংগলবাৰে বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্য, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা মুকলি অনুষ্ঠানত উপস্থিতি থাকে।


