ভাৰত চৰকাৰৰ নিৰ্দেশনা;তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ———

0 200

এতিয়াৰে পৰা দেশৰ অনলাইন সংবাদ মাধ্যম আৰু অ’টিটি প্লেটফৰ্মসমূহ নিয়ন্ত্ৰণ কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে।এই নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে।'(Allegation of business law 1961)’ৰ সংশোধনীৰ জৰিয়তে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব অনলাইন নিউজ আৰু ৱেব পোৰ্টেল আৰু অনলাইন তথ্য প্ৰদানকাৰী সংস্থা সমূহ। উল্লেখযোগ্য যে বৰ্তমানলৈ ডিজিটেল মাধ্যমৰ ওপৰত লক্ষ্য ৰখাৰ বাবে কোনো বিশেষ আইন নাছিল যদিও এতিয়াৰে পৰা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ অধীনত থাকিব ডিজিটেল প’ৰ্টেল সমূহ।তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনলৈ আহিব অনলাইন নিউজ আৰু ৱেব পোৰ্টেল আৰু অনলাইন তথ্য প্ৰদানকাৰী সংস্থা সমূহ । এক নিৰ্দেশনা অনুসৰি এই কথা জানিবলৈ কেন্দ্ৰীয় চৰকাৰে । উল্লেখযোগ্য যে বৰ্তমানলৈ ডিজিটেল মাধ্যমৰ ওপৰত লক্ষ্য ৰখাৰ বাবে কোনো বিশেষ আইন নাছিল যদিও এতিয়াৰে পৰা তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ অধীনত থাকিব ডিজিটেল প’ৰ্টেল সমূহ।সাধাৰণতে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই ছপা মাধ্যমত বিষয় সমূহত লক্ষ্য ৰাখে।সেইদৰে নিউজ ব্ৰডকাষ্ট এছ’চিয়েচনে (এনবিএ) নিউজ চেনেলসমূহ আৰু চেণ্ট্ৰেল ব’ৰ্ড অফ ফিল্ম কাউন্সিলে (চিবিএফচি) চিনেমাসমূহৰ নিৰীক্ষণ কৰে।অ’টিটি প্লেটফৰ্মত নিউজ পোৰ্টেল আৰু ষ্ট্ৰীমিং সেৱা যেনে হটষ্টাৰ, নেটফ্লিক্স আৰু এমাজন প্ৰাইম আদিৰ দৰে ভিডিঅ’ অন্তৰ্ভুক্ত হৈ থাকে আৰু এইবোৰ ইণ্টাৰনেটৰ বা অপাৰেটৰৰ নেটৱৰ্কৰ জৰিয়তে চলোৱা হয় ।ৱেব চিৰিজ সমূহ অনুষ্ঠান পৰিৱেশনৰ বাবে চেন্সৰ বোৰ্ডৰ কোনো অনুমোদনৰ প্ৰয়োজন নাছিল । কিন্তু এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা তথ্য আৰু সম্প্ৰচাৰ বিভাগে নিৰীক্ষন কৰিব অনলাইন আৰু নিউজ পোৰ্টেলৰ প্ৰচাৰ ।৯নবেম্বৰত নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

Leave A Reply

Your email address will not be published.