ডেলিভাৰী বয় ক্ৰিকেটাৰ প’ল ভ্যান মিকিৰেন
নেডাৰলেণ্ডৰ ক্ৰিকেটাৰ প’ল ভ্যান মিকিৰেনে ক্ৰিকেট এৰি কৰিছে এতিয়া ডেলিভাৰী বয়ৰ কাম ।
টুইট যোগে এই কথা প্ৰকাশ কৰিছে তেওঁ নিজেই।
কৰ’ণা মহামাৰীৰ বাবেই স্থবিৰতা নামি আহে ক্ৰিকেট জগততো । টি-২০ বিশ্বকাপো পিছোৱাব লগীয়া হ’ল ।
আই চি চিৰ সহযোগী দেশ সমূহৰ পৰা বিশ্বকাপ খেলা সুবিধা পাইছিল নেডাৰলেণ্ড, স্কটলেণ্ড, আয়াৰলেণ্ড, পাপুৱা নিউগিনি, নামিবিয়া আৰু ওমানে । ভাৰত, অষ্ট্ৰেলিয়া আদি দেশ সমূহে নিজৰ শৃংখলা আৰম্ভ কৰিছে যদিও নেডাৰলেণ্ডে কোনো শৃংখলাত অংশ লোৱাৰ সুযোগ পোৱা নাই।
ফলত এতিয়া ক্ৰিকেটাৰ জনে পৰিয়াল চলোৱাৰ বাবে এতিয়া ডেলিভাৰী বয়ৰ কাম কৰিবলগীয়া হৈছে ।
অৱশ্যে এই কঠিন সময়তো হাঁহি মুখে থাকি তেওঁ টুইট যোগে কৈছে যে- “এতিয়া হয়টো ক্ৰিকেট খেলিলোঁহেঁতেন, কিন্তু এতিয়া শীতৰ সময়ত পৰিয়াল পোহ-পাল দিয়াৰ বাবে ডেলিভাৰী বয়ৰ কাম কৰিছো । কিদৰে যে সময় সলনি হ’ল, ঠিক আছে হাঁহি থাকক ।”
এনেদৰেই টুইটাৰত ক্ৰিকেটাৰ গৰাকীয়ে সমবেদনা প্ৰকাশ কৰিছে ।