আদিত্যনাথ চৰকাৰৰ সমালোচনাত সৰৱ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী

0 345

উত্তৰ প্ৰদেশত ধাৰাবাহিকভাৱে অব্যাহত মহিলাকেন্দ্ৰিক অপৰাধজনিত কেতবোৰ ঘটনা।তাৰ মাজতে নাৰীৰ সুৰক্ষাৰ বিষয়টোক লৈ যোগী আদিত্যনাথক উদ্দেশ্যি তীক্ষ বাক্যবান এৰিলে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে।মহিলাৰ নিৰাপত্তাৰ ক্ষেত্ৰত উত্তৰ প্রদেশ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্রদান নকৰা বুলি অভিযোগ তুলি কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে যোগী চৰকাৰক কঠোৰ সমালোচনা কৰে। লক্ষণীয়ভাৱে যোৱা মাহত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী আদিত্যনাথে নাৰীৰ সুৰক্ষাৰ বিষয়টো লৈ ‘মিছন শক্তি’ নামেৰে এক প্রচাৰ অভিযান আৰম্ভ কৰিছিল৷ মহিলাৰ নিৰাপত্তা তথা মর্যাদাক গুৰুত্ব প্রদান কৰিবলৈ এই প্রচাৰ অভিযান মুকলি কৰা হৈছিল যদিও ৰাজ্যখনত বহু নাৰীয়ে নিৰাপত্তাহীনতাত ভুগিছে৷ এই ক্ষেত্ৰত প্রিয়ংকা গান্ধীয়ে যোগী আদিত্যনাথৰ মিছন শক্তিৰ সফলতা ক’ত বুলি প্রশ্নৰ অৱতাৰণা কৰে। উল্লেখ্য যে,উত্তৰ প্রদেশৰ কানপুৰত এজনী ৬ বছৰীয়া কিশোৰীক অপহৰণ কৰি দুই দুর্বৃত্তই বলাৎকাৰ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ দেশজুৰি প্রতিক্রিয়া চলি থকাৰ সময়তে প্রিয়ংকা গান্ধীয়ে যোগী চৰকাৰক এই সমালোচনা কৰাটো তাৎপর্যপূর্ণ বিষয় হিচাপে চিহ্ণিত হৈছে৷

media school
Leave A Reply

Your email address will not be published.