সন্ত্রাসবাদৰ সমৰ্থনকাৰীকো দোষী সাব্যস্ত কৰা উচিত:নৰেন্দ্ৰ মোডী

0 320

সন্ত্রাসবাদীক সহায় কৰাৰ বাবে নাম নোলোৱাকৈয়ে পাকিস্তানক উদ্দেশ্যি তীক্ষ্ণ বাক্যবান এৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷মোদীয়ে স্পষ্টভাৱে মন্তব্য কৰে- “যি দেশে সন্ত্রাসবাদীক সহায় কৰে,সেইসমূহ দেশক দোষী হিচাপে বিবেচনা কৰিব লাগিব।”লক্ষণীয়ভাৱে চীনৰ সন্মুখতে সেই কথাত হয়ভৰ দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।মঙলবাৰে ব্রিকচ্‌ৰ ভার্চুৱেল সম্মিলনত অংশগ্রহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে।পাঁচখন দেশেৰে গঠিত এই সংগঠনত সন্ত্রাসবাদ-বিৰোধী নতুন কৌশল গ্রহণৰ বাবে তেওঁ ক’লে, ‘বর্তমান বিশ্বৰ সকলোতকৈ ডাঙৰ সমস্যা হ’ল সন্ত্রাসবাদ। যি দেশে সন্ত্ৰাসবাদীবোৰক সহায় আৰু সমর্থন কৰে, সেই দেশসমূহক দোষী সাব্যস্ত কৰাৰ প্রয়োজনীয়তা আছে।’ নাম নক’লেও মোদীৰ লক্ষ্য যে পাকিস্তান আছিল,সেই বিষয়ে একমত প্ৰকাশ কৰে বিশ্বৰ ৰাজনৈতিক কূটনীতিবিদসকলে।

media school
Leave A Reply

Your email address will not be published.