লক্ষ্য ভাৰতীয় সেনা ;পুলৱামা আক্ৰমণৰ সৈতে কি সম্পৰ্ক আছে নাগৰোটা এনকাউণ্টাৰৰ????
পুনৰ অশান্ত ভাৰতৰ ভূ-স্বৰ্গ জম্মু-কাশ্মীৰ। আজি পুৱতি নিশাৰ পৰা চলা এক সংঘৰ্ষত নাগৰোটা অঞ্চলত জইছ-ই-মহম্মদৰ ৪ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে আৰক্ষীৰ এজন কনিষ্ঠ বলকে ধৰি আহত হৈছে কেইবাজনো লোক।
চোৰাং চোৱা তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ-শ্ৰী নগৰ ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষীয়ে চলাইছিল এক তালাচি অভিযান। সেই সময়তে এখন টোল গেটৰ ওচৰত পুৱতি নিশা কৰ্তব্যৰত আৰক্ষীলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ দলে অতৰ্কিতে এক বিস্ফোৰণ ঘটায়। লগে লগে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি পেলায়। পুৱা থিক ৫ মান বজাত উগ্ৰ পন্থীৰ বিৰুদ্ধে আৰম্ভ হয় অভিযান। এই অভিযানতে ৪ সন্ত্ৰাসবাদী নিহত হয়।
জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান ডিলবাগ সিঙে পিছত সংবাদ মাধ্যমৰ আগত নিহত সন্ত্ৰাসবাদী কেইটা জইছ-ই-মহম্মদৰ সদস্য বুলি নিশ্চিত কৰে। টোল গেটত চলি থকা তালাচিৰ সময়ত ট্ৰাকত অহা সন্ত্ৰাসবাদী দলটোৱে প্ৰথমে এক গ্ৰেনেড বিস্ফোৰণ ঘটাইছিল।এই ঘটনাটোৰ লগে লগে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাই পথটো বন্ধ কৰি নিৰাপত্তাৰক্ষীয়ে অধিক তীব্ৰতৰ ৰূপত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, নিহত এগৰাকী সন্ত্ৰাসবাদী পুলৱামা কাণ্ড সংঘটিত কৰা মানৱ বিষ্ফোৰকগৰাকীৰ আত্মীয় বুলি জানিব পৰা গৈছে।