নিৰপেক্ষ নহয় নেকি এডিটৰ্ছ গীল্ড অব ইণ্ডিয়া? কিয় ক্ষুণ্ণ পদ্মশ্ৰী পেট্ৰিচিয়া মুখিম—

0 218

দেশৰ সংবাদ পত্ৰ, নিউজ চেনেলৰ সন্মানীয় সম্পাদক সকলৰ শীৰ্ষ মঞ্চ এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ পৰা উত্তৰ-পূব ভাৰতৰ বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখিমে পদত্যাগ কৰে। ইয়াকে লৈ ৰাষ্ট্ৰীয় সংবাদমহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে মুখিমৰ এক বিষ্ফোৰক মন্তব্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে।ভাৰত তথা উত্তৰ-পূৱৰ বিশিষ্ট সাংবাদিকগৰাকীৰ বিস্ফোৰক অভিযোগ- “এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ ভুমিকা এডিটৰ সকলৰ ক্ষেত্ৰত নিৰপেক্ষ নহয়,বৰং চৰম পক্ষপাতমূলক। অৰ্ণৱ গোস্বামীৰ দৰে দেশৰ তথাকথিত গ্লেমাৰাছ সাংবাদিকৰ সমস্যাক লৈহে সজাগ আৰু সৰৱ গীল্ড।”পেট্ৰিচিয়া মুখিমৰ বিৰুদ্ধে শ্বিলং উচ্চ ন্যায়ালয়ে অলপতে দিয়া এক ৰায় সন্দৰ্ভত এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ আশ্বৰ্যজনক নিৰৱতাত ক্ষুন্ন হৈ পৰে পদ্মশ্ৰী পেট্ৰিচিয়া মুখিম।ইতিমধ্যে গীল্ডৰ মুৰব্বী হিমা মুস্তাফালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত মনৰ ক্ষোভ উজাৰি পেট্ৰিচিয়াই লিখিছে অৰ্ণৱ গোস্বামীৰ শেহতীয়া গ্ৰেপ্তাৰ প্ৰসংগত অতিকে সৰব আছিল এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াৰ ভুমিকা ।অথচ যি গোচৰত অৰ্ণৱক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সেই গোচৰৰ সৈতে সাংবাদিকতাৰ কোনো সম্পৰ্ক নাছিল।ইয়াৰ বিপৰীতে মেঘালয় উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে পেট্ৰিচিয়াৰ বিৰুদ্ধে যোৱা ১০ নবেম্বৰত দিয়া ৰায় সন্দৰ্ভত সম্পূৰ্ণ নিৰৱ এডিটৰ্ছ গীল্ড ।উল্লেখযোগ্য যে যোৱা জুলাই মাহত পেট্ৰিচিয়াই দিয়া এটা ফেচবুক পষ্টৰ দ্বাৰা সাম্প্ৰদায়িক সংহতি বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰি মেঘালয়ৰ এক সংস্থাই গোচৰ তৰিছিল আৰু আদালতে পেট্ৰিচিয়া মুখিমক দোষী সাব্যস্ত কৰি ৰায়দান দিছিল।

Leave A Reply

Your email address will not be published.