ক’ৰোনাৰ সংহাৰ :ঘোষণা কৰা হ’ল সান্ধ্যআইন—-

0 380

ক্ষান্ত হোৱা ক’ৰোনা।বিশ্বৰ লগতে ভাৰততো ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰন কৰাৰ ফলত কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ দেশজুৰি লকডাউনৰ ঘোষনা কৰা হৈছিল যদিও সম্পূৰ্ণৰূপে নিপাট যোৱা নাই ক’ৰোনা। ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ক’ৰোনাৰ সংহাৰ অব্যাহত আছে।তাৰ মাজতে গুজৰাটৰ আহমেদাবাদ চহৰত ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ শুক্ৰবাৰৰ পৰা নগৰ অঞ্চলত ঘোষনা কৰা হৈছে সান্ধ্য আইন । শুক্ৰবাৰে ৰাতিৰ পৰা ৫৭ ঘন্টাৰ বাবে সান্ধ্য আইন ঘোষনা কৰা হয় । ২০ নৱেম্বৰৰ নিশাৰ পৰা আৰম্ভ হোৱা এই সান্ধ্য আইন সমাপ্ত হ’ব ২৩ নৱেম্বৰ পুৱা । অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ গুপ্তাই কয় যে এই সান্ধ্য আইনৰ সময়ত গাখীৰ আৰু ঔষধৰ দোকান খোলা থাকিব।

Leave A Reply

Your email address will not be published.