ৰাছিয়াৰ মধ্যস্থতা;যুদ্ধবিৰতি চুক্তিত সমৰ্থন আৰ্মেনিয়া-আজেৰবাইজানৰ—-
ৰাছিয়াৰ মধ্যস্থতাত পূৰ্বৰ ছোভিয়েট সদস ৰাষ্ট্ৰ আৰ্মেনিয়া আৰু আজেৰবাইজানৰ মাজত স্বাক্ষৰিত হোৱা যুদ্ধবিৰতি চুক্তিৰ পাছতেই প্ৰথমবাৰলৈ আৰ্মেনিয়াৰ ভূখণ্ডত প্ৰৱেশ কৰে আজেৰবাইজানৰ সেনাই।যুদ্ধবিৰতি চুক্তি অনুসৰি আৰ্মেনিয়াই বিবাদমান নাগ’ৰ্নো-কাৰবাখৰ ভূমি এৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।তাৰ মাজতে শুক্ৰবাৰৰ দিনটোত আজেৰবাইজান সেনাবাহিনীয়ে আঘডাম অঞ্চলত প্ৰৱেশ কৰে।উল্লেখ্য যে,বিবাদমান নাগ’ৰ্নো-কাৰবাখৰ অঞ্চলক কেন্দ্ৰ কৰি বিগত প্ৰায় ৬ সপ্তাহে চলা দুই প্ৰতিৱেশী ৰাষ্ট্ৰৰ যুদ্ধখনে সমগ্ৰ ইউৰোপৰ লগতে বিশ্বজুৰি তীব্ৰ আশংকাৰ সৃষ্টি কৰিছিল।কিন্তু পৰৱৰ্তী সময়ত ৰাছিয়াৰ মধ্যস্থতাত স্বাক্ষৰিত হোৱা যুদ্ধবিৰতি এই আশংকাৰ অৱসান ঘটাই।