কাবুলত ধাৰাবাহিক বিস্ফোৰণ, ৰকেট আক্ৰমণ পুনৰ ক্ষতবিক্ষত কাবুল—–

0 339

ধাৰাবাহিক বিস্ফোৰণত আকৌ এবাৰ কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল।চৰকাৰী তথ্য অনুসৰি, কাবুল চহৰৰ গ্ৰীন জ’ন এলেকাত সংঘটিত ৰকেট আক্ৰমণৰ ফলত এজন নিহত হোৱাৰ বিপৰীতে বহুকেইজন লোক আহত হোৱাৰ আশংকা কৰা হৈছে।লক্ষণীয় বিষয় যে,ঘন জনবসতিপূৰ্ণ গ্ৰীন জ’ন অঞ্চলত আছে দেশী-বিদেশী অনেক সংস্থাৰ কাৰ্যালয়। সেয়েহে এই বিস্ফোৰণক লৈ এতিয়াও আতংকিত সমগ্ৰ কাবুলবাসী। আনহাতে, এই আক্ৰমণৰ আঁৰত কোন জড়িত আছে এই কথা এতিয়াও পোহৰলৈ অহা নাই।আনহাতে আক্ৰমণত নিহত হোৱা লোকজন আৰক্ষীৰ বিষয়া বুলি জনাইছে গৃহ মন্ত্ৰ্যালয়ে। উল্লেখ্য যে, মাৰ্কিন বিদেশ সচিব মাইক মম্পিউৰ সৈতে তালিবানৰ মধ্যস্থতাকাৰীৰ দলে আলোচনাত বহাৰ কথা চলি আছে । সেই আলোচনাত আফগান চৰকাৰেও অংশ ল’ব। এই অগ্ৰগতিৰ বাবেই তালিবানে প্ৰকাশ কৰিছে যে তেওঁলোকে জনবহুল এলেকাত কোনো আক্ৰমণ নচলায়। তেনেস্থলত শনিবাৰৰ এই আক্ৰমণৰ ঘটনাত কোন জড়িত সেয়া এতিয়াও অস্পষ্ট।

media school
Leave A Reply

Your email address will not be published.