১৭কোটি টকাৰ আঁৰৰ ৰহস্য কি?? কিয় EDৰ জেৰাৰ সন্মুখীন ‘ৰাবতা’ ছবিৰ প্ৰযোজক—-

0 335

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় ছমাহৰ পাছত পুনৰ এবাৰ চৰ্চালৈ আহিছে ১৭কোটি টকাৰ বেমেজালিৰ প্ৰসংগ।সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ পিতৃয়ে অভিযোগ তুলিছিল যে সুশান্তৰ একাউণ্টৰ পৰা নোহোৱা হৈছিল প্ৰায় ১৫ কোটি টকা।

ইয়াৰ পাছতেই সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা অন্তৰ্ধান ১৭ কোটি আৰ্থিক বেমেজালিৰ অভিযোগটোৰ তদন্ত আৰম্ভ কৰি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে তথ্য লাভ কৰে যে এইক্ষেত্ৰত এজন প্ৰযোজকৰ সৈতে সুশান্তৰ আৰ্থিক লেনদেন আছিল বিসংগতিপূৰ্ণ। সুশান্তই অভিনয় কৰা পুৰণি এখন ছবিৰ বাবে এজন প্ৰযোজকে ১৭ কোটি টকা পাৰিশ্ৰমিক হিচাপে দিছিল। কিন্তু সেই ধন অভিনেতাজনৰ একাউণ্টত পোৱা নগ’ল।

২০১৭ত ৰাবতা নামৰ ছবিখনৰ পাৰিশ্ৰমিক হিচাপে এই ধন লাভ কৰিছিল সুশান্তই। যাৰ বাবে এতিয়া প্ৰযোজক দীনেশ বিজনক জেৰা কৰিছে ইডি-এ। লক্ষ্যণীয়ভাৱে সুশান্তৰ সৈতে আৰ্থিক লেনদেনৰ কোনো নথি দেখুৱাব নোৱাৰিলে প্ৰযোজক দীনেশে। তাৰ পিছতে ১৪ অক্টোৱৰত দীনেশ বিজনৰ ঘৰত তালাচী চলায় ইডিৰ দলে। তালাচী কালত হাংগেৰীত চিনেমাখনৰ শ্বুটিঙৰ বাজেট আৰু সুশান্তৰ ১৭ কোটি টকাৰ পাৰিশ্ৰমিকৰ তথ্য লাভ কৰে ইডি-এ। এই তথ্যৰ ভিত্তিত আকৌ ইডিয়ে জেৰাৰ বাবে মাতে বৰ্তমান ডুবাইত থকা দীনেশ বিজনক। কিন্তু কৰ’নাত আক্ৰান্ত হোৱাৰ অজুহাতত ভাৰতলৈ অহা নাই দীনেশ। একেই প্ৰসংগত সুশান্তৰ বিজিনেছ মেনেজাৰ শ্ৰুতি মোদী আৰু উদয় সিং গৌৰীকো জেৰা কৰিছে ইডি-এ।

উল্লেখ্য যে,সুশান্ত সিঙৰ পিতৃয়ে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ পুত্ৰৰ ১৫ কোটি টকা আত্মসাতৰ অভিযোগ তুলিছিল। কিন্তু এতিয়া পোহৰলৈ আহিছে যে ২০১৬ত ‘ৰাবতা’ নামৰ ছবিখনত কাম কৰাৰ সময়তে খেলিমেলি হৈছিল ১৭ কোটি টকাৰ। সেই সময়ত সুশান্তৰ সৈতে ৰিয়া চক্ৰৱৰ্তীৰ সম্পৰ্ক নাছিল। এতিয়া সুশান্তৰ ১৭ কোটিৰ পাৰিশ্ৰমিক প্ৰদানৰ কোনো তথ্য ‘ৰাবতা’ৰ প্ৰযোজক দীনেশ বিজনে দিব নোৱৰাত ঘটনাই লৈছে নতুন মোৰ।

media school
Leave A Reply

Your email address will not be published.