ৰঙা চীনলৈ হুংকাৰ;WHOলৈ পুনৰ ওভতনি আমেৰিকাৰ—

0 154

পুনৰ বিশ্ব স্বাস্থ্যসংস্থালৈ ঘূৰি আহিব আমেৰিকা যুক্তৰাষ্ট্ৰ। চীনৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ WHOত পুনৰ অন্তৰ্ভুক্ত হ’ব আমেৰিকা।এই কথা জনাইছে সদ্য নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ জনোৱা অনুসৰি হোয়াইট হাউছত সোমাৱাৰ প্ৰথম দিনাই বিশ্ব স্বাস্থ্য সংস্থা (WHO) ত পুনৰ যোগ দিব আমেৰিকাই।উল্লেখ্য যে চীনৰ প্রতি পক্ষপাতিত্ব কৰাৰ অভিযোগত বিগত এপ্রিল মাহত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লৈছিল ডোনাল্ড ট্রাম্পে। সাংবাদিকেৰে হোৱা এক বৈঠকত জো বাইডেনে কয় যে ক্ষমতালৈ অহাৰ প্ৰথম দিনাৰে পৰা ক’ৰোনাৰ যুঁজত নামিব বাইডেন।নিৰ্বাচনী প্ৰচাৰৰ সময়তো চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি একাধিকবাৰ মন্তব্য কৰিছিল জো বাইডেনে। ইফালে পেৰিচ জলবায়ু চুক্তিলৈও আমেৰিকা পুনৰ উভতি অহাৰ ইংগিত দিছে জো বাইডেনে।

media school
Leave A Reply

Your email address will not be published.