সাৱধান চাইবাৰ অপৰাধী;চাইবাৰ ক্ৰাইম ৰুধিবলৈ আহি আছে নতুন অধিনিয়ম—-

0 207

চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে কঠোৰ হৈছে কেৰেলা চৰকাৰ।এতিয়াৰে পৰা কেৰালাত ছচিয়েল মিডিয়াত অপমানজনক প’ষ্ট কৰিলে ৫বছৰ পৰ্যন্ত জেইল অথবা ১০ হাজাৰ টকালৈকে জৰিমনা আৰু কেতিয়াবা দুয়োটাই হ’ব পাৰে।তীব্ৰ বিৰোধিতাৰ মাজতে কেৰালাৰ বিতৰ্কিত আৰক্ষী আইনৰ সংশোধনী অধ্যাদেশত ৰাজ্যপালে স্বাক্ষৰ কৰে। নতুন অধ্যাদেশৰ ফলত এই আইন অধিক কঠোৰ হৈ পৰিল।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয়,’’কেৰালা আৰক্ষী আইনৰ নতুন সংশোধনী কোনো কাৰণতেইবাক স্বাধীনতা নাইবা পক্ষপাতিত্বহীন সাংবাদিকতাৰ বিৰুদ্ধে ব্যৱহাৰ নহয়।‘’কেৰালা চৰকাৰে দাবী কৰে যে মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে বৃদ্ধি পোৱা চাইবাৰ অপৰাধ ৰোধ কৰিব এই সংশোধনে।আনহাতে,
বিৰোধীয়ে এই নতুন সংশোধনীয়ে আৰক্ষীক অনাৱশ্যকভাৱে সীমাহীন ক্ষমতা প্ৰদান কৰাৰ লগতে ইয়াৰ অপব্যৱহাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি সমালোচনা কৰিছে। চৰকাৰে এই আইন ব্যৱহাৰ কৰি সমালোচকসকলৰ কণ্ঠৰোধ কৰিব পাৰে বুলিও মত প্ৰকাশ কৰিছে বিৰোধীয়ে।
এই আইনৰ ফলত বাক স্বাধীনতা তথা সংবাদমাধ্যমৰ স্বাধীনতা বিপন্ন হ’ব বুলিও অভিযোগ তোলে বিৰোধীসকলে।

Leave A Reply

Your email address will not be published.