“আমি হেৰুৱালোঁ এজন জনপ্ৰিয় ৰাজনৈতিক অভিভাৱক” – প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আইৰাৰ ।

0 266

ভাৰতবৰ্ষৰ বৃহত্তৰ সাংবাদিক সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ এছোচিয়েচন চমুকৈ অাইৰাৰ অসম ৰাজ্যিক সমিতিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । আইৰাৰ ৰাজ্যিক সভাপতি কিৰণ গগৈয়ে প্ৰয়াত মূখ্যমন্ত্ৰী গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত অকল কংগ্ৰেছ দলেই নহয়, সমগ্ৰ দেশ তথা ৰাজ্যই অভিভাবকহীন হৈ পৰিল ৷ তিনিটা কাৰ্য্যকালত ১৫ বছৰকৈ মুখ্যমন্ত্ৰী হৈ ৰাজ্য শাসন কৰিব পৰা এজন ৰাজনীতিকৰ বাবে কম সফলতা নহয়। আনহাতে এই সুদীৰ্ঘ কালছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমানেই জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিব পাৰিছিল বুলিও তেওঁ উল্লেখ কৰে ৷ আনহাতে সহজ সৰল প্ৰকাশ ভঙ্গীৰে যিকোনো বিষয়তে সাংবাদিকৰ মুখামুখি হ’ব পৰাটো তেওঁৰ এক বিশেষ গুণ আছিল বুলি প্ৰকাশ কৰে আইৰাৰ সাধাৰণ সম্পাদক পঙ্কজ নাথে৷ তেওঁ আৰু কয় যে- ৰাজনৈতিক জগতৰ এক গধুৰ প্ৰস্থসদৃশ ব্যক্তি আছিল প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈ। যাৰ গধুৰতাৰ বাবে কোনেও লৰাব পৰা নাছিল নিজৰ স্থিতিৰ পৰা । এইজনা সুদক্ষ দলপতি, তথা অসম মাতৃক তিনিটা পঞ্চবৰ্ষ ৰাজত্ব কৰা অসম সন্তান প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আজি সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে বুলি কৈ তেওঁ ভগৱানৰ ওচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । ইয়াৰ উপৰিও আইৰাৰ ক্ৰীড়া সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে গগৈদেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁ কয় যে তৰুণ গগৈৱে আজি আমাৰ মাজৰ পৰা বিদায় মাগিলেও কিন্তু তেওঁৰ কৰ্মৰাজিয়ে আমাক চিৰদিনেই অনুপ্ৰাণিত কৰি থাকিব। কেতিয়াও কাকো হীন চকুৰে নচোৱা, নাইবা আনৰ হাজাৰ ঠাট্টা মস্কৰা হেলাৰঙে হাঁহি উৰুৱাই দি নিজৰ মতত অলৰ অচৰ থকা এইজনা ব্যক্তি কিন্তু সঁচাকৈয়ে বহুত ৰাজনৈতিক ব্যক্তিতকৈ পৃথক আছিল। ৰাজনীতিৰ নামত তেওঁ কেতিয়াও গ্ৰহণ কৰা নাছিল সুবিধাবাদী বোলা তথাকথিত অৱধাৰণাটো। আজীৱন এক আদৰ্শত থাকিয়েই তেওঁ তেওৰ ৰাজনৈতিক জীৱন আগবঢ়াই নিছিল সুচাৰুৰূপে। আজি সঁচাকৈয়ে অসম সন্তান ৰূপে আমি যেন এজন অভিভাৱকক হেৰুৱালোঁ। তেওঁৰ মৃত্যুই আমাৰ অন্তৰত গভীৰ দুখ প্ৰদান কৰিলে। তেওঁৰ বিদেহী আত্মাই পৰলোকত চিৰশান্তি লাভ কৰক বুলি ঈশ্বৰক প্ৰাৰ্থনা জনাই।

Leave A Reply

Your email address will not be published.