“ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক চৰম অৱহেলা ৰাজ্য চৰকাৰৰ, অন্তিম সংস্কাৰৰ বাবে এটুকুৰা মাটি বিচাৰি হাবাথুৰি খাইছে পৰিয়ালে”-ৰিপুন বৰা

0 287

১৫ টাকৈ বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল তেওঁ। তেওঁ আছিল ৰাজনীতিৰ দুৰন্ত তৰুণ। কিন্তু মৃত্যুৰ পাছত তেওঁৰ প্রতি চৰম অৱহেলা ৰাজ্য চৰকাৰৰ। এতিয়া অন্তিম সংস্কাৰৰ বাবে এটুকুৰা মাটি বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোক তথা প্ৰদেশ কংগ্ৰেছে।প্ৰয়াত তৰুণ গগৈৰ সমাধি ক্ষেত্ৰৰ বাবে এটুকুৰা মাটি বিচাৰি চৰকাৰক আহ্বান জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী মাটি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈকে যুগুত কৰি দিয়া নাই চৰকাৰে।এই গুৰুতৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
কামৰূপ মহানগৰ জিলা উপায়ুক্তক মাটি এটুকুৰা বিচাৰি আবেদন কৰিছে যদিও এই মুহূৰ্তলৈকে চৰকাৰী মাটি নাই বুলি তেওঁক জনোৱা বুলি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয়।যদি চৰকাৰে মাটিৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতে গগৈৰ সৎকাৰ কৰা হ’ব বুলি তেওঁ জনায়।অৱশ্যে বৰাই এতিয়াও চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম সৎকাৰৰ বাবে এটুকুৰা চৰকাৰী মাটি আগবঢ়াব বুলি আশা ব্যক্ত কৰে।

media school
Leave A Reply

Your email address will not be published.