চীনৰ বিৰুদ্ধে পুনৰ ডিজিটেল ষ্ট্ৰাইক নতুন দিল্লীৰ;নিষিদ্ধ কৰিলে ৪৩টা চীনা এপ

0 150

লাডাখৰ এল অ’ চিত চিৰবৈৰী ৰঙাচীনৰ সৈতে সংঘাত চলি থকাৰ মাজতে পুনৰ চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক ভাৰতৰ।দেশৰ সাৰ্বভৌমত্ব,সংহতি প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দৰে পুনৰ এবাৰ ৪৩টা এপ নিসিদ্ধ কৰা হৈছে।চীনা কোম্পানীৰ ৪৩টা ম’বাইল এপৰ ভিতৰত জনপ্ৰিয় আলিবাবা গ্ৰুপৰ চাৰিটা ম’বাইল এপো আছে।নিষিদ্ধ কৰা এই এপসমূহৰ ভিতৰত আলিবাবা ৱৰ্কবেঞ্চ,আলিপে কেছিয়াৰ,আলি এক্সপ্ৰেছ-স্মাৰ্টাৰ শ্ব’পিং, বেটাৰ লিভিং,স্নেক ভিডিঅ’ আদি অন্যতম।
উল্লেখ্য যে,যোৱা জুন মাহত চীনৰ ৫৯ম’বাইল এপ নিষিদ্ধ কৰাৰ পাছতেই পুনৰ ছেপ্তেম্বৰ মাহত ১১৮ নিষিদ্ধ কৰা হয়।দুবাৰকৈ শতাধিক ম’বাইল এপ নিসিদ্ধ কৰাৰ পাছতেই দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অহাৰ দোহাই দি বুধবাৰে পুনৰ ৪৩টা এপ নিষিদ্ধ কৰে ভাৰত চৰকাৰে।অৱশ্যে এই ক্ষেত্ৰত বেইজিঙে বহুবাৰ আপত্তি দৰ্শাই অহাৰ পাছতো নতুন দিল্লীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই।

media school
Leave A Reply

Your email address will not be published.