“এদিন আকাশৰ কোনোবাখিনিত আমি একেলগে ফুটবল খেলিম”-কিংবদন্তি মাৰাডোনাৰ মৃত্যুত শোক বিহ্বল পেলে—–

0 278

‘এদিন স্বৰ্গৰ কোনোবা এখন ঠাইত তোমাৰ সৈতে ফুটবল খলিম’, নিজৰ টুইটাৰত এনেদৰে পোষ্ট কৰিছে আন্তৰাষ্ট্ৰীয় ফুটবলাৰ পেলেই।কিয়নো কিংবদন্তি ডিয়েগো মাৰাডোনাৰ আকস্মিক মৃত্যুত বিশ্বৰ ক্ৰিড়াপ্ৰেমীসকলৰ লগতে শোকত ম্ৰিয়মান ব্ৰাজিলৰ মহান ফুটবলাৰ পেলে।বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈ ‘ফুটবলৰ ৰাজপুত্ৰ’ মাৰাডোনাৰ মৃত্যু হয়।

এই খবৰ বিয়পি পৰাৰ পিছতে শোকত ম্ৰিয়মান হৈ পৰে বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ লগতে ব্ৰাজিলৰ মহান ফুটবলাৰ পেলে।কিংবদন্তি মাৰাডোনাৰ মৃত্যুত শোকপ্ৰকাশ কৰি তেওঁ এটা টুইটাৰ পোষ্ট কৰি কয় যে, ‘অত্যন্ত দুখজনক খবৰ। মই এজন ভাল বন্ধু আৰু বিশ্ববাসীয়ে এগৰাকী মহান খেলুৱৈক হেৰুৱালে। বহু ক’বলগীয়া আছে কিন্তু বৰ্তমান এয়াই ক’ব বিচাৰো যে ভগৱানে পৰিয়ালৰ লোকক শক্তি দিয়ক’।
তেওঁ লগতে কয়, ‘আশা কৰো কোনোবা এটা দিনত আমি আকাশৰ কোনোবা এটা স্থানত ফুটবল খেলিম’।

উল্লেখ্য যে পেলে আৰু মাৰাডোনা ইজনে সিজনৰ খেলৰ প্ৰশংসক আছিল। দুয়োৰে মাজত বয়সৰ যথেষ্ট পাৰ্থক্য আছিল যদিও দুয়োৰে সম্পৰ্ক কিন্তু আছিল মধুৰ।ফুটবল খেলক অধিক জনপ্ৰিয় তথা মনোমোহা কৰাৰ ক্ষেত্ৰত এই দুয়োজন খেলুৱৈৰ অৰিহনা অস্বীকাৰ্য।
২০০১ চনত ক্ৰীড়াৰ ইতিহাসত দুই সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে ব্ৰাজিলৰ পেলেৰ সৈতে মাৰাডোনাক অন্তৰ্ভুক্ত কৰিছিল।

Leave A Reply

Your email address will not be published.