জাৰ্চি পৰিধান কৰি পুনৰ খেল পথাৰত নামিব এছ. শ্ৰীসন্থ

0 221

মেচ ফিক্সিং কৰাৰ অপৰাধত সাত বছৰৰ বাবে ক্রিকেটত নিষিদ্ধ হোৱা ভাৰতীয় বেগী বলাৰ শ্ৰীসন্থ পুনৰ ক্ৰিকেটৰ খেলপথাৰত নামিবলৈ সাজু হৈছে।

৭ বছৰৰ নিষেধাজ্ঞাৰ অন্তত কেৰালা ক্ৰিকেট এছোচিয়েছনে আয়োজন কৰা প্ৰেছিডেণ্ট কাপ টি-২০ টুৰ্নামেণ্টত খেলিবলৈ সাজু হৈছে এছ শ্রীসন্থ ।

শ্রীসন্থয়ে সংবাদ সংস্থা ANI ৰ আগত প্ৰকাশ কৰি কয় যে, “মোক এই সুযোগ দিয়াৰ বাবে মই নির্বাচকসকলৰ ওচৰত কৃতজ্ঞ। এই সময়ৰ বাবেই মই যোৱা ৭ বছৰ ধৰি অপেক্ষা কৰি আছিলোঁ”।

আই পি এলত স্পট ফিক্সিঙৰ সৈতে জড়িত হোৱাৰ অভিযোগত বি চি চি আইৰ দ্বাৰা নিষিদ্ধ কৰা শ্ৰীসন্থক কেৰালাৰ এই টি-২০ টুৰ্ণামেণ্টখনৰ খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

কেৰালা ক্ৰিকেট এছ’চিয়েশ্যনে জানিব দিয়া অনুসৰি এই টুৰ্ণামেণ্টৰ কে চি এ টাইগাৰ্ছ দলৰ হৈ খেলিব শ্ৰীসন্থ।

এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব মুঠ ছয়টা দলে ।

১৭ ডিচেম্বৰত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখন ক’ভিড-১৯ৰ সকলো নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.