আপোনাৰ হেলমেটটোৰ BIS স্বীকৃত নে?যদিহে নাই তেন্তে অতিশীঘ্ৰে সলাই লওক আপোনাৰ হেলমেটটো।কিয়নো—–

0 226

বাইক আৰোহীৰ বাবে বাধ্যতামূলক BIS স্বীকৃত হেলমেট।শুক্ৰবাৰে চৰকাৰীভাৱে এইকথা ঘোষণা কৰা হৈছে যে- দেশত এতিয়াৰে পৰা ব্যুৰ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ চমুকৈ BISৰ স্বীকৃতিপ্ৰাপ্ত অৰ্থাৎ ISI মাৰ্কাযুক্ত হেলমেটহে উৎপাদন আৰু বিক্ৰী কৰিব পাৰিব। দুচকীয়া বাহনৰ চালকে পৰিধান কৰা হেলমেটৰ সুৰক্ষা আৰু মানদণ্ড সম্পৰ্কে এখন বিশেষজ্ঞ সমিতিয়ে দিয়া মতামতৰ আধাৰত শুকুৰবাৰে দেশৰ পথ যোগাযোগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ দ্বাৰা দেশত কম দামী আৰু নিম্নমানৰ হেলমেটৰ বিক্ৰী আৰু ব্যৱহাৰ হ্ৰাস পাব বুলি আশা কৰা হৈছে। ফলত দেশত দুচকীয়া বাহনৰ দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস পাব। দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ হেলমেটৰ মান সন্দৰ্ভত পথ সুৰক্ষা সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত কমিটীয়ে দেশৰ জলবায়ুৰ সৈতে খাপ খোৱা আৰু কম ওজনৰ হেলমেট উৎপাদনৰ পৰামৰ্শ আগবঢ়াইছিল। এইমছৰ বিশেষজ্ঞ চিকিৎসক আৰু BISৰ প্ৰতিনিধি থকা কমিটীখনে ২০১৮ৰ মাৰ্চ মাহত দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি কেন্দ্ৰীয় পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে হেলমেট সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি কৰিছে। এই কমিটীৰ অনুমোদনমৰ্মে পাতল অথচ উপযুক্ত মানসম্পন্ন হেলমেট উৎপাদনৰ বাবে BIS-এ তেওঁলোকৰ পূৰ্বৰ হেলমেটৰ বিশেষত্ব সম্পৰ্কীয় নিৰ্দেশনাৰ সংশোধন ঘটাইছিল। উল্লেখ্য যে দেশত বছৰি ১ কোটি ৭০ লাখ দুচকীয়া বাহন বিক্ৰী হয়। সেই অনুপাতত ভাৰতত দুচকীয়া বাহনৰ বহু কোটি ব্যৱহাৰকাৰী আছে। নতুন নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ পিছত BIS স্বীকৃতিহীন হেলমেটৰ বিক্ৰী অপৰাধ হিচাপে গণ্য কৰা হ’ব

media school
Leave A Reply

Your email address will not be published.