“আৰক্ষীৰ এক বৃহৎ সফলতা সাংবাদিক হত্যাকাৰীক গ্ৰেপ্তাৰ”
উত্তৰ প্ৰদেশ আৰক্ষীয়ে বলৰামপুৰত এজন সাংবাদিক আৰু তেওঁৰ বন্ধুৰ হত্যাৰ অভিযোগত তিনিজন লোকক আটক কৰে।ললিত মিশ্ৰ, কেশৱানন্দ মিত্ৰ ওৰফে ৰিংকু আৰু অক্ৰাম আলী বুলি চিনাক্ত কৰা তিনিজনক বাহাদুৰপুৰ ক্ৰছিংৰ কাষত এটা জঙ্কিৰ পৰা আটক কৰে আৰক্ষীয়ে ।
বলৰামপুৰ জিলাখনৰ কোটৱালী দেহাট থানা অঞ্চলত এখন স্থানীয় কাকতত কৰ্মৰত ৩৫ বছৰীয়া ৰাকেশ সিং আৰু তেওঁৰ বন্ধু পিন্টু সাহু (৩২) কলৱাৰী গাওঁৰ নিজ গৃহত গুৰুতৰ ভাবে অগ্নিদগ্ধ হৈছিল। আঘাতপ্ৰাপ্ত সিংক লৌহণৌ চিকিৎসালয়লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু হয় ।
বলৰামপুৰৰ আৰক্ষী অধীক্ষক দেবৰঞ্জন বাৰ্মাই কয় যে কেশ্বান্দৰ মাতৃ গাওঁৰ মুৰব্বী আৰু ৰাকেশ সিঙে তেওঁৰ অধীনত ধন ৰখাৰ কথা উন্মুক্ত কৰিছিল।
হত্যাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ সুৰা ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীৰ আগত চিকাৰোক্তি দিয়ে অপৰাধীয়ে। মৃত সাংবাদিকৰ পিতৃ, মনা সিঙে তেওঁৰ পুত্ৰক হত্যা কৰা বুলি সন্দেহ কৰি তদন্তৰ দাবী কৰিছে ।
দেওবাৰে সন্ধিয়া বলৰামপুৰ জিলা প্ৰশাসনে মৃত সাংবাদিকৰ পত্নীক ৫ লাখ টকাৰ চেক প্ৰদান কৰিছিল।বলৰামপুৰ চিনি মিলছৰ মেনেজমেণ্টে জিলা প্ৰশাসনক নিশ্চিত কৰিছে যে তেওঁলোকে মৃত সাংবাদিকৰ পত্নী বিভা সিংক নিয়োগ প্ৰদান কৰিব।প্ৰশাসনে কৈছে সিঙৰ কন্যাসকলে বিনামূলীয়া শিক্ষা পোৱাটো নিশ্চিত কৰিব। ইয়াৰ পূৰ্বে সাংবাদিক গৰাকীৰ পত্নীয়ে অভিযুক্তক আটক কৰাত ব্যৰ্থ হ’লে নিজকে প্ৰত্যাহাৰ কৰাৰ হুংকাৰ দিছিল ।