“আমি খেতিয়কৰ ওপৰত নিৰ্ভৰশীল নহয়, ছুইগীৰ পৰা খাদ্য অৰ্ডাৰ কৰিম।”-বিতৰ্কত খাদ্য ডেলিভাৰী এপ্প “ছুইগী”

0 209

সমগ্ৰ দেশজুৰি কৃষি বিদ্ৰোহৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ বিপৰীতে
কৃষি বিদ্ৰোহৰ সমৰ্থন আৰু বিৰোধিতাৰ মাজতে সামাজিক মাধ্যমত চলিছে অন্য এখন যুদ্ধ ।কৃষি বিদ্ৰোহৰ সমান্তৰালকৈ এইবাৰ বিতৰ্কত সোমাই পৰিছে অনলাইন খাদ্য ডেলিভাৰী এপ “ছুইগী”।ইয়াকে লৈ এতিয়া টুইটাৰত ট্ৰেণ্ডিঙ হৈছে #BoycottSwiggy।

ছুইগীক বহিস্কৰ কৰিবলৈ এতিয়া উঠি পৰি লাগিছে একাংশ চোছিয়েল মিডিয়া ব্যৱহাৰকাৰী।জাউৰিয়ে জাউৰিয়ে পোষ্টত ‘ছুইগী’ এপ্পক বহিস্কাৰ কৰিবলৈ জনসাধাৰণে দাবী উত্থাপন কৰিছে।

দৰাচলতে কৃষি বিদ্ৰোহৰ বিৰোধিতাৰে এগৰাকী ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে টুইটাৰত পোষ্ট কৰি লিখিছিল যে-“আমি খাদ্যৰ কাৰণে খেতিয়কৰ ওপৰত নিৰ্ভৰশীল নহয়। ছুইগীত অৰ্ডাৰ কৰিলেই খাদ্য পোৱা যায়।”আৰু ইয়াৰ পাছতেই এতিয়া জাঙুৰ খাই উঠিছে একাংশ সচেতন লোক।
উল্লেখ্য যে চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা তিনিখন কৃষি বিধেয়কক লৈ জাঙুৰ খাই উঠিছে কৃষকসকল। হাতৰ পৰা দা কোৰ এৰি “দিল্লী চলৌ” অভিযানেৰে জোৰদাৰ আন্দলনেৰে ৰাজধানীৰ ৰাজপথ কপাঁইছে কৃষকসকলে।

media school
Leave A Reply

Your email address will not be published.