‘জুবিন হাৰামী’;তাক ইমান মাতো কিন্তু সি নাহে-এইদৰে ক’লে—–

0 487

জুবিন গাৰ্গ, যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে অসমীয়া সংগীত জগতত নিজৰ বাবে এক সুকীয়া স্থান দখল কৰি থকাৰ লগতে বলীউডতো আছে তেখেতৰ এক সুকীয়া পৰিচয়।ইতিমধ্যে তেওঁ বলীউডৰ বহুকেইটা হিন্দী গীতত কণ্ঠদান কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰিছে।তাৰ মাজতে বলীউড তথা বেংগলী সংগীত জগতৰ অন্যতম জনপ্ৰিয় সংগীত পৰিচালক জীৎ গাংগুলীয়ে জুবিন গাৰ্গৰ সন্দৰ্ভত কৰা এক মন্তব্যই এতিয়া ছোচিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰিছে।কিছুদিন পূৰ্বে জুবিন গাৰ্গ সন্দৰ্ভত জনপ্ৰিয় সংগীত পৰিচালক জীৎ গাংগুলীয়ে কয় যে-‘বহুদিন হ’ল জুবিনক লগ পোৱা নাই।তাৰ ভইচটো মোৰ খুব প্ৰিয়,বিৰাট চিধা-চিধি সি,অসমৰ কথা ক’লেই মোৰ তালৈ মনত পৰে।তাক ইমান মাতো মোৰ হিন্দী গীতবোৰত গান গাবলৈ কিন্তু সি হাৰামীটোয়ে নাহে।হামাৰী অধুৰী কাহানীৰ হাৰ্মিংকনো তাক ট্ৰেকটো পঠিয়াই দিওতেহে গাই দিছিল।

media school
Leave A Reply

Your email address will not be published.