১১ মিনিটত কাৰ লগত তিনিবাৰকৈ ফোনত কথা পাতিছিল নৰেন্দ্ৰ মোডীয়ে? বাৰাণসীত মোডীৰ বাৰ্তালাপক লৈ কৌতুহল–

0 194

প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা ৰাজহুৱা স্থানত নৰেন্দ্ৰ মোডীক কেতিয়াও কাৰো সৈতে ফোনত কথা পতা দেখিবলৈ পোৱা নাযায়।কিন্তু সোমবাৰৰ দিনতোত যেন ইয়াৰ কিছু ব্যতিক্ৰম ঘটা পৰিলক্ষিত হয়।সোমবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাশী বাৰাণসীত বিশ্বনাথৰ পূজাত অংশগ্ৰহণ কৰিছিল।কিন্তু পূজা চলি থকাৰ সময়তে প্ৰায় এঘাৰ মিনিটৰ ভিতৰত তেঁও তিনিবাৰলৈ ফোনত কথা পতা পৰিলক্ষিত হয়। কিন্তু কাৰ সৈতে কথা পাতিছিল মোডীয়ে?কি পাতিছিল ?স্বাভাৱিকতে এতিয়া এই কথাক লৈ বিভিন্নজনৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

media school
Leave A Reply

Your email address will not be published.