আজি ভাৰতীয় নৌসেনা দিৱস, বীৰ শ্বহীদ সেনাসকলক স্মৰণ

0 314

৪ ডিচেম্বৰত প্ৰতি বছৰে পালন কৰা হয় ভাৰতীয় নৌসেনা দিৱস। এই দিনটোত স্মৰণ কৰা হয় ভাৰতীয় নৌসেনাৰ বীৰ শ্বহীদ সকলক।

পাকিস্তানী সেনাই ১৯৭১চনৰ ৩ ডিচেম্বৰত ভাৰতীয় ক্ষেত্ৰ আৰু সীমান্তৱৰ্তী এলেকাত আক্ৰমণ কৰিছিল। যাৰ পৰিণতিত আৰম্ভ হৈছিল ১৯৭১ৰ যুদ্ধ।

পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ বাবে আৰম্ভ কৰিছিল অভিযান ‘অপাৰেশ্যন ট্ৰাইডেন্ট’। পাকিস্তানৰ নৌ সেনাৰ কৰাছীস্থিত মুখ্য কাৰ্যালয়ক লক্ষ্য হিচাপে লোৱা হৈছিল ‘অপাৰেশ্যন ট্ৰাইডেন্টত ।

অভিযানত ভাৰতীয় নৌসেনাৰ এখন মিছাইল নাও আৰু দুখন যুদ্ধ-পোটৰ এটা দলে কৰাছীৰ সাগৰীয় পাৰত থকা জাহাজসমূহত আক্ৰমণ কৰিছিল।

এই তুমুল যুদ্ধতে ভাৰতে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰিছিল “এন্টি ছীপ মিছাইল”। আক্ৰমণত পাকিস্তানী সেনাৰ বহু জাহাজ ধ্বংস কৰিছিল ভাৰতীয় নৌসেনাই।

১৯৭১চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় নৌ সেনা বিজয়ী হোৱাৰ আনন্দত পালন কৰা হয় নৌ সেনা দিৱস।

media school
Leave A Reply

Your email address will not be published.