কৰণ জোহৰৰ পোহনীয়া নেকি?কংগনা ৰাণাৱাট আৰু দিলজিত দোচাঞ্জৰ মাজত তুংগত টুইটাৰ যুদ্ধ

0 187

বৃহস্পতিবাৰৰ পৰা অব্যাহত আছে কংগনা ৰাণাৱাট আৰু দিলজিত দোচাঞ্জৰ মাজত টুইটাৰৰ যুদ্ধ। বৃহস্পতিবাৰৰ দিনটোৰ ছচিয়েল মিডিয়াত কংগনাই এটা টুইটত দিলজিত দোচাঞ্জক ‘কৰণ জোহৰৰ পোহনীয়া’ আখ্যা দি আক্ৰমণ কৰে। ইয়াৰ পিছতে পাঞ্জাৱী অভিনেতা–গায়ক দিলজিতে নিজৰ মাতৃভাষাত কংগনাক ভালকৈ এজাউৰি দিয়ে।

দুয়োৰে মাজৰ খণ্ডযুদ্ধ দৰাচলতে কৃষক আন্দোলনক লৈ এক ভুৱা টুইটক কেন্দ্ৰ কৰি আৰম্ভ হয়। কংগনাই কৃষক আন্দোলনলৈ যোৱা বয়োবৃদ্ধা কৃষক আইতাগৰাকীক বিলকিচ বানো আখ্যা দি ঠাট্টা কৰিছিল।

‘১০০টকীয়া’ প্ৰতিবাদকাৰী আখ্যা দি ভুৱা টুইট কৰা কংগনাক উত্তৰ দিয়ে পাঞ্জাৱী তাৰকাজনে। তেওঁ লিখে মানুহ ইমানো অন্ধ হ’ব নালাগে। দিলজিতে লিখে, ‘তেনেহ’লে তই যিমানবোৰ মানুহৰ সৈতে চিনেমা কৰিলি তই সকলোৰে পোহনীয়া নে কি? তেনেহ’লে দেখোন মালিকৰ তালিকাখন দীঘলেই হ’ব…? এয়া বলিউডৱালা নহয় পঞ্জাৱ ৱালাহে…মিছা কথা কৈ মানুহক উচতোৱা আৰু আৱেগৰ সৈতে খেলা ভালকৈ জানে আপুনি।

media school
Leave A Reply

Your email address will not be published.