নৱ নিৰ্মিত সাংসদ ভৱন হ’ব আত্মনিৰ্ভৰশীল ভাৰতৰ অন্যতম নিদৰ্শন; ক’লে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

0 231

৯৭১ কোটি ব্যয়ৰে পুনৰ নিৰ্মাণ হ’ব দেশৰ সাংসদ ভৱন। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১০ ডিচেম্বৰত ভাৰতৰ নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব বুলি শনিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনাইছে।

লোকসভাৰ অধ্যক্ষজনে জানিবলৈ দিয়া অনুসৰি নৱনিৰ্মিত সাংসদ ভৱন হ’ব আত্মনিৰ্ভৰ ভাৰতক অন্যতম নিদৰ্শন। ভৱনটোত প্ৰতিফলিত হ’ব ভাৰতৰ সকলো ৰাজ্যৰ স্থানীয় কলাশিল্প।আনহাতে, নতুন ভৱনটোৰ আয়তন হ’ব ৬৪,৫০০ বর্গমিটাৰ আৰু আনুমানিক ৯৭১ কোটি টকা ব্যয় হ’ব এই নির্মাণ কাৰ্যত। বৰ্তমানৰ সংসদ ভৱনটোৱে ১০০ বছৰ পূর্ণ কৰিছে ৷ এই ভৱনটো দেশৰ প্রত্নতাত্ত্বিক সম্পদ হিচাপে সংৰক্ষিত কৰা হ’ব। বিৰলাই জনাইছে যে, নতুন ভৱনটো ভূমিকম্প প্রতিৰোধক হ’ব ৷ ইয়াৰোপৰি নতুন ভৱনটো নির্মাণৰ বাবে ২,০০০ লোক প্রত্যক্ষভাৱে জড়িত থাকিব আৰু পৰোক্ষভাৱে ৯,০০০ লোক জড়িত থাকিব।


অত্যাধুনিক সা-সুবিধাৰে সজ্জিত হ’ব লগা এই নতুন সংসদ ভৱনটোত থাকিব বৃহৎ সংবিধান গৃহ য’ত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ঐতিহ্যৰ প্ৰদৰ্শন হ’ব, সংসদৰ সদস্য সকলৰ বাবে এটা জিৰণিকক্ষ, এটা গ্ৰন্থাগাৰ, একাধিক কমিটী কক্ষ, আহাৰ গ্ৰহণৰ ঠাই আৰু গাড়ী-মটৰ ৰাখিবৰ বাবে যথেষ্ট ঠাই ৷

media school
Leave A Reply

Your email address will not be published.