মেছিয়ে ১০নং জাৰ্ছী পিন্ধি খেল পথাৰত নমা উচিত নহয়,মোৰ পিতৃৰ প্ৰতি যোগ্য সন্মান দেখাবলৈ মই দাবী জনাইছো’- কোনে মেছিক জাৰ্ছী এৰিবলৈ জনালে দাবী?

0 166

লিঅ’নেল মেছিক আৰ্জেণ্টিনা আৰু বাৰ্চিলোনাৰ ১০নং জাৰ্ছী এৰি দিয়াৰ বাবে আহ্বান জনায় ডিয়েগো মাৰাডোনাৰ পুত্ৰ জুনিয়ৰ ডিয়োগে।

কিছুদিন পূৰ্বে দেহাৱসান ঘটা কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ পুত্ৰ জুনিয়ৰ ডিয়োগৰ এক উদ্ধৃতি দি স্পেইনৰ এক কাকতে প্ৰকাশ কৰে যে-‘মোৰ পিতৃয়ে যিবোৰ দলৰ হৈ ১০নং জাৰ্ছী পৰিধান কৰি খেলিছিল সেইবোৰৰ পৰাই চিৰদিনৰ বাবে এই জাৰ্চী আঁতৰাই পেলাব লাগে।সেয়েহে মেছিৰ ক্ষেত্ৰতো কও তেওঁ আজেণ্টিনা আৰু বাৰ্চিলোনাৰ হৈ ১০নং জাৰ্ছী পিন্ধি খেলপথাৰত নমা উচিত নহ’ব।মোৰ মৃত পিতৃৰ প্ৰতি যোগ্য সন্মান দেখুৱাৰ বাবেই মই দাবী জনাইছো।”

media school
Leave A Reply

Your email address will not be published.