ভাৰত সীমান্তত ভয়ংকৰ আগ্ৰাসন বেইজিঙৰ, অৰুণাচল সীমান্তত ৩খন গাওঁ নিৰ্মাণ চীনৰ

0 177

লাডাখ সীমান্তত চলি থকা উত্তেজনাৰ মাজতে অৰুণাচল প্ৰদেশৰ সৈতে লাগি থকা ভাৰত-ভূটান সীমান্তত চীনে গঢ়ি তুলিছে একাধিক গাওঁ।

চোৰাংচোৱা বিশেষজ্ঞই শ্বেয়াৰ কৰা ছবি অনুসৰি ভাৰত, ভূটান আৰু চীনৰ সীমান্তত অৱস্থিত বুম লা’ত পাঁচখন নতুন গাওঁ নিৰ্মাণ কৰা হৈছে।

আমেৰিকাৰ বেচৰকাৰী সংস্থা ‘প্লেনেট লেব’ৰ উপগ্ৰহ চিত্ৰত দেখা গৈছে যে বুম লা’ৰ পাঁচ কিলোমিটাৰৰ ভিতৰত কমেও তিনিখন গাওঁ গঢ়ি উঠিছে। প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সিপাৰে চীনে এই গাওঁসমূহ গঢ়ি তুলিছে।

এনডিটিভিৰ বাতৰি অনুসৰি, এতিয়াও সেই অঞ্চলত কোনো লোক বসবাস কৰা নাই। উপগ্ৰহ চিত্ৰই এই কথা স্পষ্ট কৰিছে।

media school
Leave A Reply

Your email address will not be published.