ভাৰতত ‘ক’ভিশ্বিল্ড’ প্রয়োগৰ অনুমোদন বিচাৰিলে ছিৰামে ইনষ্টিটিউট অৱ ইণ্ডিয়াই

0 265

ফাইজাৰ–বায়’এনটেক ভেকচিন জৰুৰীকালীন ভাৱে ভাৰতত প্রয়োগ কৰাৰ অনুমোদন বিচাৰি সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ প্রস্তুত কোম্পানী ফাইজাৰে(PFIZER) আবেদন জনোৱাৰ কেইঘণ্টামানৰ পিছতেই আজি ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড ভাৰতত প্রয়োগ কৰাৰ অনুমতি বিচাৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই৷

অস্ত্রজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ে যুটীয়াভাৱে বিকশিত কৰা ক’ভিড–১৯ ভেকচিন ‘ক’ভিশ্বিল্ড’ ভাৰতত প্রস্তুত আৰু বিতৰণৰ দায়িত্বত থকা পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই জৰুৰীভাৱে দেশত এই ভেকচিন প্রয়োগৰ অনুমোদন বিচাৰিছে ৷

চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ভাৰতত ক’ভিশ্বিল্ডৰ মানৱ দেহত পৰীক্ষণ পৰিচালিত কৰি আছে ৷

ক’ভিশ্বিল্ড হৈছে বিদেশী কোম্পানীয়ে বিকশিত কৰা আৰু দেশীয় কোম্পানীয়ে প্রস্তুত আৰু পৰীক্ষণৰ দায়িত্বত থকা প্রথমটি থলুৱা ভেকচিন৷

media school
Leave A Reply

Your email address will not be published.