অলিম্পিকত ‘ব্ৰেক ডান্স’ক মান্যতা প্ৰদান

0 249

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে ব্ৰেক ডান্সক স্বীকৃতি প্ৰদান কৰিলে ২০২৪ চনত হ’ব লগীয়া পেৰিছ অলিম্পিকৰ বাবে ।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে সোমবাৰে নিশা ব্ৰেক ডান্সক অলিম্পিক খেলৰ মান্যতা প্ৰদান কৰে।

অলিম্পিক সমিতিয়ে যুৱ অলিম্পিকৰ পৰা লাভ কৰা পৰামৰ্শ গ্ৰহণ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে।

যুৱ সমাজৰ মাজত অলিম্পিকৰ জনপ্ৰিয়তা বৃদ্ধি তথা লিংগ সমতা স্থাপনৰ উদ্দেশ্যে অলিম্পিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

২০১৯ চনৰ অলিম্পিকৰ এক আভ্যন্তৰীণ প্ৰতিবেদন অনুসৰি ১০ লাখ লোকে ব্ৰেক ডান্সক ক্ৰীড়া হিচাপে বাছি লৈছে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ পৰা স্পষ্ট কৰি দিয়ে যে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পিছত অৰ্থাৎ ২০২৮ চনৰ অলিম্পিকতো ক্ৰীড়াৰ শিতানত ব্ৰেক ডান্স অব্যাহত থাকিব।

ডান্সৰ জৰিয়তে বিশেষ পৰিচয় লাভ কৰা দেশ সমূহে এই বিশেষ পদক্ষেপক কিদৰে গ্ৰহণ কৰে সেয়া সঁচাকৈয়ে আকৰ্ষণীয় হ’ব ।

উল্লেখ্য যে ভাৰতৰ এতিয়ালৈকে ব্ৰেক ডান্সৰ ফেডাৰেশ্যন গঠন কৰা হোৱা নাই।

media school
Leave A Reply

Your email address will not be published.