আমেৰিকাৰ ডিফেন্স এজেঞ্চিৰ চাঞ্চল্যকৰ তথ্য! আৰ্থিক দুৰৱস্থাৰ ভুৱা দোহাই দিছে নেকি চৰকাৰে?

0 182

দেশত আৰ্থিক সংকটে দেখা দিয়া বুলি সততে চৰ্চা লাভ কৰি থকাৰ সময়তে আহিছে এক চাঞ্চল্যকৰ তথ্য।

আমেৰিকাৰ ডিফেন্স ছিকিউৰিটি ক’পৰেশ্যন এজেঞ্চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰ্থিক মন্দাৱস্থা তথা মহামাৰী সময়তো ভাৰতে আমেৰিকাৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ ক্ৰয় কৰিছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতে ২০২০ বৰ্ষত আমেৰিকাৰ পৰা ৩.৪ মিলিয়ন মাৰ্কিন ড’লাৰ মূল্যৰ অস্ত্ৰ ক্ৰয় কৰিছে। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ ২৫ হাজাৰ কোটি টকাৰো অধিক।

এজেঞ্চিৰটোৰ তথ্যৰ মতে ২০১৯ বৰ্ষত ভাৰতে আমেৰিকাৰ পৰা ৬.২ মিলিয়ন মাৰ্কিন ড’লাৰ অৰ্থাৎ ৪৫ হাজাৰ কোটি টকাৰো অধিক পৰিমাণৰ অস্ত্ৰ ক্ৰয় কৰিছিল।
মাৰ্কিন এজেঞ্চিটোৱে এই তথ্য প্ৰকাশ কৰাৰ লগতে দেশত আৰম্ভ হৈছে বিতৰ্কৰ।

ইফালে মাৰ্কিন এজেঞ্চিটোৰ মতে ক’ৰ’ণা মহামাৰীয়ে আমেকিৰাৰ জনজীৱন তথা অৰ্থনৈতিক ব্যৱস্থাটোক আঘাত কৰিলেও দেশখনৰ অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰা নাই।

ক’ৰ’ণাকালীন সংকটৰ মাজতো দেশখনে চলিত বৰ্ষত ৫০.৮ বিলিয়ন মাৰ্কিন ড’লাৰ অস্ত্ৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

অৱেশ্যে মাৰ্কিন এজেঞ্চিটোৱে প্ৰকাশ কৰা তথ্যৰ মতে ২০১৯ বৰ্ষতকৈ চলিত বৰ্ষ আমেকিৰাৰ অস্ত্ৰ বিক্ৰীৰ পৰিমাণ কিছু হ্ৰাস পাইছে। ২০১৯ বৰ্ষত আমেৰিকাৰ অস্ত্ৰ বিক্ৰীৰ পৰিমাণ আছিল ৫৫.৭ বিলিয়ন মাৰ্কিন ড’লাৰ।

media school
Leave A Reply

Your email address will not be published.