অৱসৰৰ ইংগিত ছোনিয়া গান্ধীৰ,কোন হ’ব ইউ পি এৰ অধ্যক্ষৰ পদৰ পৰৱৰ্তী দাবীদাৰ?

0 202

সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ মন মেলিছে ইউ পি এ(সংযুক্ত প্ৰগতিশীল মৰ্চা)অধ্যক্ষ ছোনিয়া গান্ধীয়ে।ইয়াৰ লগে লগে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত অন্য এক বিষয়ক লৈ চলিছে সৰৱ চৰ্চা।সেয়া হৈছে ছোনিয়া গান্ধীৰ অৱসৰৰ পাছত ইউ পি এৰ পৰৱৰ্তী দাবীদাৰ কোন হ’ব?

কিয়নো কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা ৰাহুল গান্ধীয়ে দলটোৰ পূৰ্ণকালীন সভাপতি হিচাপে দ্বায়িত্ব লোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ হৈ পৰিছে।

অৱশ্যে ইউ পি এৰ পৰৱৰ্তী দাবীদাৰৰ সন্দৰ্ভত ৰাজনৈতিক মহলত এটা নাম বিশেষভাৱে চৰ্চিত হৈছে।তেওঁ হৈছে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এন চি পি)প্ৰধান শাৰদ পাৱাৰ।

কিয়নো,ছোনিয়া গান্ধীয়ে ইউ পি এৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ পাছত ইউ পি এৰ অংশীদাৰী দলসমূহক একত্ৰিত কৰি ৰখাৰ স্বাৰ্থত এন চি পিৰ প্ৰধান শাৰদ পাৱাৰৰ দৰে অভিজ্ঞ ৰাজনীতিকে দ্বায়িত্ব লোৱাতো জৰুৰী হৈ পৰিছে।

media school
Leave A Reply

Your email address will not be published.