বৃদ্ধাশ্ৰমত ভয়ংকৰ অগ্নিকাণ্ড,জীৱন্তে অগ্নিদগ্ধ ১১গৰাকী বৃদ্ধা

0 246

অগ্নিদেৱতাৰ কোপদৃষ্টিত পলকতে ভস্মীভূত হয় এখন বৃদ্ধাশ্ৰম।ভয়ংকৰ জুয়ে আগুৰি ধৰে বৃদ্ধাশ্ৰমখন।আনকি জুইৰ লেলিহান শিখাই ১১গৰাকী বৃদ্ধাৰ প্ৰাণ কাঢ়ি লৈ যায়।

ঘটনাটো ৰাছিয়াৰ।প্ৰাপ্ত খৱৰ মঙলবাৰে ৰাছিয়াৰ এখন বৃদ্ধাশ্ৰমত অজ্ঞাত কাৰণত হঠাৎ অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে।খুব কম সময়ৰ ভিতৰতে গোটেই বৃদ্ধাশ্ৰমখন জুইৰ লেলিহান শিখাই আৱৰি ধৰে।যাৰ ফলত ১১গৰাকী বৃদ্ধাই অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।


জানিব পৰা মতে এই বৃদ্ধা কেইগৰাকী শাৰীৰিক ভাৱে সক্ষম আছিল ।যাৰ বাবে জুই লগাৰ সময়ত তেওঁলোকে ঘটনাৰ পৰা হাত সাৰিব নোৱাৰিলে আৰু মৃত্যুক সাবকি লয় ।

উল্লেখ্য যে, এই ঘটনা মঙলবাৰে তিনি বজাত সংঘটিত হয় । তিনিঘন্টা পিছত এই জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে ।

media school
Leave A Reply

Your email address will not be published.