সমাজবাদী পাৰ্টিৰ সাংসদে পাৰ কৰিলে চেঞ্চুৰী,কিন্তু কিহত?পঢ়ক আমাৰ এই প্ৰতিবেদন—-
সমাজবাদী পাৰ্টিৰ বিতৰ্কিত সাংসদ আজম খানে স্পৰ্শ কৰিলে ক্ৰিকেটীয় চেঞ্চুৰীৰ ঘৰ।কিন্তু কি ক্ষেত্ৰত সাংসদগৰাকীয়ে অৰ্জন কৰিলে শতক,শুনিলে আপুনিও আচৰিত হ’ব।দৰাচলতে সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা আইনী গোচৰে স্পৰ্শ কৰিলে চেঞ্চুৰীৰ ঘৰ।
পূৰ্বতে প্ৰায় ৯০টাকৈ গোচৰ ৰুজু কৰা হৈছিল বিতৰ্কিত সাংসদগৰাকীৰ বিৰুদ্ধে।কিন্তু শেহতীয়াকৈ পুনৰ ১১টাকৈ গোচৰ ৰুজু কৰা হৈছে আজম খানৰ বিৰুদ্ধে।
উল্লেখ্য যে,অপৰাধী খান সম্প্ৰতি পত্নী তাঞ্জিমা ফাটিমা আৰু পুত্ৰ আব্দুল্লা আজমৰ সৈতে সীতাপুৰ কাৰাগাৰত কাৰাবন্দী হৈ আছে।
বলপূৰ্বক ধন দাবী,ভূমি বেদখল ,বিদ্যুৎ চুৰি আদিকে ধৰি নানাধৰণৰ গোচৰ ৰুজু কৰা হৈছে আজম খানৰ বিৰুদ্ধে।