হেছটেগ ‘কফী উইথ এন চি বি’;ছোচিয়েল মিডিয়াত কৰণ জোহৰক তুলা-ধুনা ট্ৰলাৰৰ

0 190

বলীউডত ব্যাপক হাৰত চলি অহা ড্ৰাগছ্‌ৰ বিৰুদ্ধে এন চি বিয়ে তদন্ত অব্যাহত ৰাখিছে।ইতিমধ্যে বলীউডৰ বহু লাইম লাইটৰ অভিনেতা-অভিনেত্ৰীক সোধা-পোছা কৰাৰ পাছত এইবাৰ ছবি প্ৰযোজক-পৰিচালক কৰণ জোহৰলৈ চমন জাৰি কৰিছে এন চি বিয়ে।

কিয়নো ২০১৯চনত কৰণ জোহৰৰ ঘৰত আয়োজিত এটা পাৰ্টিত উপস্থিত থকা তাৰকাসকলে ড্ৰাগছ লোৱাৰ অভিযোগ উঠিছিল।যাৰ বাবে বৃহস্পতিবাৰে কৰণ জোহৰলৈ চমন পঠিয়াই এন চি বিয়ে।

আনহাতে এই কথা পোহৰলৈ অহাৰ পাছতেই ছোচিয়েল মিডিয়াত পৰিচালকগৰাকীৰ বিৰুদ্ধে ট্ৰ’লিঙৰ ঢৌ উঠে।বহুতে কৰণ জোহৰক কটাক্ষ কৰি ‘কফী উইথ এন চিবি’ হেছটেগ ব্যৱহাৰ কৰে।বহুতে এই বুলিও কটাক্ষ কৰে যে এন চি বিৰ চমনে কৰণৰ অহংকাৰ শেষ কৰিব বুলিও মন্তব্য কৰে।

media school
Leave A Reply

Your email address will not be published.