‘অজন্তা নেওগে বিত্তমন্ত্ৰী,মুখ্যমন্ত্ৰীক তেল মাৰে’দেৱব্ৰত শইকীয়াই

0 353

গেৰুৱা বসন পিন্ধাৰ যো-জা চলাইছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে।তাৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক বিষ্ফোৰক মন্তব্যই এতিয়া সংবাদ মহলত বেছ চৰ্চা লাভ কৰিছে।

শনিবাৰে মৰিয়নিত সাংবাদিকৰ আগত দেৱব্ৰত শইকীয়াই কয় যে-“এই চৰকাৰ খন ইমান নিৰ্লজ্জ যে, সমষ্টি উন্নয়নৰ পুঁজি মোকলাবলৈ বিজেপি চৰকাৰৰ মন্ত্ৰীক বিৰোধী বিধায়কে ৰাতি তেল মাৰিব লাগে আৰু অজন্তা বাইদেউৱে এনেকৈ গৈছে কাৰণে নিজৰ সমষ্টিত বহুত কাম হৈছে।”

তদুপৰি দলৰ বেয়া দিনত এনেদৰে দলৰ পৰা আঁতৰি যাবলৈ বিচৰাটো অতি লাজৰ কথা বুলিও উল্লেখ কৰে দেৱব্ৰত শইকীয়াই।

media school
Leave A Reply

Your email address will not be published.