৮৯৭ বছৰৰ কাৰাদণ্ড খোৱা এখন দেশৰ এজন ধৰ্ষণকাৰী

0 269

ধৰ্ষণৰ লগতে একাধিক অপৰাধত দোষী সাৱস্ত্য হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ণিয়াৰ ৰয় চালৰ্ছ ৱালাক আদালতে ৮৯৭ বছৰৰ কাৰাদণ্ড বিহিছে ।

ৰয় চালৰ্ছ ৱালাৰে ১৯৯১ৰ পৰা ২০০৬ চনলৈ ৪৫ বছৰৰ বয়সত ৱালাৰে কেলিফ’ণিয়াৰ বিভিন্ন এলেকাত ৯ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল।

ইয়াৰ উপৰিও ৱালাৰৰ বিৰুদ্ধে আদালতত ৪৬ টা অপৰাধৰ গোচৰ চলিছিল।
ধৰ্ষণৰ লগতে ইয়াৰ ভিতৰত বিদেশী নাগৰিকক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰোৱাৰ দৰে বৈআইনী কামো কৰিছিল ৱালাৰে।

১৫ বছৰ ধৰি চলা শুনানিৰ অন্তত বৰ্তমানৰ ৬০ বছৰীয়া ৰয় চাৰ্লছ ৱালাৰক আদালতে ৮৯৭ বছৰজোৰা কাৰাদণ্ড বিহিছে।

media school
Leave A Reply

Your email address will not be published.