ভাল দিন ঘুৰি আহিছে নেকি অসমীয়া ছবি জগতৰ!ভাৰতীয় পেনোৰামালৈ ‘ব্ৰীজ’

0 173

৫১ সংখ্যক ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতাৰ ছবি ব্ৰীজ। এই বছৰত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত একমাত্ৰ অসমীয়া ছবি ব্ৰীজ। ছবিখনৰ কাহিনী/চিত্ৰনাট্য/সংলাপ কৃপাল কলিতাৰ।

ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে প্ৰযোজনা কৰা ব্ৰীজ ছবিখনে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৬ খনতকৈ অধিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। অসমৰ কেইবাটাও জীয়া সমস্যাৰ আধাৰত নিৰ্মিত ব্ৰীজ ছবিখনৰ ১৮ সংখ্যক অকলেণ্ড আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ আৰম্ভ হৈছে।

উল্লেখযোগ্য যে,ছবিখনত অভিনয় কৰা প্ৰায়সকল শিল্পীয়েই জীৱনত প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত থিয় দিছে। অসমৰ বিভিন্ন গাঁৱে-ভূঞে নিৰ্বাচন কৰি প্ৰশিক্ষণ দি তেওঁলোকক সাজু কৰি তোলা হৈছে। সম্পূৰ্ণ লোকেচন চাউণ্ডৰ ব্যৱস্থাৰে বিশ্বাসযোগ্য আৰু শ্ৰুতিমধুৰ কৰি তুলিছে।

media school
Leave A Reply

Your email address will not be published.