চলিত সপ্তাহত একেৰাহে তিনিদিন বন্ধ থাকিব সকলো বেংক

0 411

চলিত সপ্তাহত যদি বেংকত যাবলগীয়া কাম আছে তেন্তে আপুনি সন্মুখীন হ’ব পাৰে কিছু অসুবিধাৰ। কিয়নো এইটো সপ্তাহত একেৰাহে তিনিদন বন্ধ থাকিব বেংক।
গতিকে এইকেইটা দিনত যদি আপোনাৰ কিবা বেংক সম্বন্ধীয় প্ৰয়োজনীয় কাম আছে তেন্তে শীঘ্ৰে সমাপ্ত কৰি লওঁক।

২৫ ডিচেম্বৰত বৰদিনৰ বাবে বন্ধ থাকিব বেংকসমূহ। সকলোৱে জ্ঞাত যে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ দিনটো বেংক বন্ধ থাকে। সেই অনুসৰি চলিত সপ্তাহৰ শনিবাৰ অৰ্থাৎ ২৬ ডিচেম্বৰৰ দিনটো মাহৰ চুতুৰ্থ শনিবাৰ হোৱা হেতুকে বেংক বন্ধ থাকিব আৰু ২৭ ডিচেম্বৰ হৈছে দেওবাৰ।

গতিকে বছৰটোৰ শেষৰ তিনিটা দিনত বেংকসমূহ বন্ধ থাকিব। লগতে, ১জানুৱাৰীত ২০২১ৰ পৰাও টকা আৰু বেংকৰ সৈতে জড়িত নিয়মসমূহ সলনি হৈ পৰাৰ সম্ভাৱনা আছে।

media school
Leave A Reply

Your email address will not be published.