যুগ্মজীৱনৰ পাতনি মেলে লেগস্পীনাৰ য়ুজবেন্দ্ৰ চাহালে

0 294

ভাৰতীয় ক্ৰিকেট জগত স্পীন বলেৰে বহুতৰ মন জয় কৰা য়ুজব্ৰেন্দ্ৰ চাহালে ২২ গজৰ বাহিৰত জীৱনৰ প্ৰথমটো শুভ ইনিংছ আৰম্ভ কৰিছে ।
ভাৰতীয় দলত লেগ স্পীনাৰ বলেৰে যাদু দেখুৱা চাহালে ধনশ্রী বাৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

৩০টা বসন্ত গচকি চাহালে ধনশ্রী বাৰ্মাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় , বিবাহৰ কিছু আলোকচিত্ৰ নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰি তেওঁ কয়-‘এটা সময়ত আমি একেলগে থিয় হৈছিলো আৰু চিৰদিন সুখেৰে জীয়াই থকাৰ প্ৰতিশ্ৰুতি দিয়ে ।’

ধনশ্রী এগৰাকী য়ু টিউবাৰ হোৱাৰ উপৰিও পেচাত দন্ত চিকিৎসক ।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্য সকলৰ উপৰিও তেওঁৰ অনুৰাগী সকলে যুগ্মজীৱনৰ পাতনি মেলা চাহালক বিবাহৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.