আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব পুৰীৰ জগন্নাথ মন্দিৰ

0 243

উৰিষাৰ পুৰী চহৰস্থিত বিখ্যাত জগন্নাথ মন্দিৰ আজিৰে পৰা ভক্তসকলৰ বাবে মুকলি কৰা হ’ব।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে মাৰ্চ মাহত সকলো তীৰ্থস্থান বন্ধ কৰি দিয়া হৈছিল।

জগন্নাথ মন্দিৰৰ পুৰোহিতসকলৰ সৰ্বোচ্চ সংস্থাই মন্দিৰ পুনৰ খোলাৰ পৰামৰ্শ বিচাৰি ৰাজ্য চৰকাৰলৈ এটি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতেই মন্দিৰ পুনৰ খোলাৰ সিদ্ধান্ত লোৱা হয়।

ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া (এছ.ও.পি.) অনুসৰি, মন্দিৰত কৰ্মৰত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে প্ৰথমে তিনিদিনত পবিত্ৰ ত্ৰিমূৰ্তি দৰ্শন কৰিব পাৰিব।

এই সময়ত কোনো বাহিৰা লোক যাতে মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব।

আনফালে পুৰীবাসীয়ে ২৬ ৰ পৰা ৩১ ডিচেম্বৰলৈ মন্দিৰ দৰ্শনৰ সুযোগ লাভ কৰিব।

পুৰীৰ কালেক্টৰ বলৱন্ত সিঙে জনাই যে দেশ তথা ৰাজ্যৰ বাহিৰৰ পৰা অহা ভক্তসকলে ৩ জানুৱাৰী, ২০২১ৰ পৰা হে মন্দিৰ দৰ্শন কৰিব পাৰিব।

ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিবলৈ প্ৰয়োজনীয় প্ৰমাণ পত্ৰ সৈতে ক’ভিড-১৯ নিগেটিভ প্ৰমাণপত্ৰ আনিব লাগিব।

৬৫ বছৰ উৰ্ধ আৰু শিশুসকলক মন্দিৰ দৰ্শনৰ বাবে এতিয়াও অনুমতি প্ৰদান কৰা হোৱা নাই।

Leave A Reply

Your email address will not be published.