ওফৰাব মমতাক,ককালত টঙালি বান্ধি সাজু হৈছে নৰেন্দ্ৰ মোডী–

0 193

সমাগত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিবলৈ সাজু হৈছে বিজেপি।কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই প্ৰতি মাহে বংগলৈ আহি নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰি আছে।

শেহতীয়াকৈ ২০২১ চনৰ প্ৰথম ভাগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বংগলৈ অহাৰ সম্ভাৱনা আছে।বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ শান্তিনিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ সমাৰোহত সম্বোধন কৰি টেগোৰৰ আদৰ্শ আৰু ধাৰণাৰ ওপৰত জোৰ দিয়ে।

ইফালে বংগৰ বিধানসভা নিৰ্বাচনত বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰধান মন্ত্ৰী মোদীয়ে।বিহাৰ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছত দিল্লীৰ বিজেপি মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ মোদীয়ে বংগৰ ৰাজনৈতিক হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বংগ ভ্ৰমণৰ বিষয়ে সোধাত ৰাজ্যিক বিজেপি সভাপতি দিলীপ ঘোষে কয়, ‘তেওঁ (মোদী) প্ৰতি মাহে আহি আছে’।কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই প্ৰতি মাহে ৰাজ্যখনলৈ আহি আছে।

জে পি নাড্ডাই ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত বংগ ভ্ৰমণ কৰিছিল আৰু অমিত শ্বাহে তৃতীয় সপ্তাহত দুদিনীয়া ভ্ৰমণত আহিছিল আৰু তেওঁৰ উপস্থিতিতে তৃণমূলৰ বহু সংখ্যক নেতাই মেদিনীপুৰ সভাত বিজেপি দলত যোগদান কৰিছিল।

উল্লেখ্য যে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে অহা ১২ জানুৱাৰিত অমিত শ্বাহে পুনৰ পশ্চিম বংগ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে।

media school
Leave A Reply

Your email address will not be published.