ৰাখে হৰি,মাৰে কোনে ! বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য ন্যায়াধীশৰ–
নিশ্চিত মৃত্যুৰ পৰা কথমপি ৰক্ষা পৰিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে।
বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰি থকাৰ সময়তে কলকতাৰ আকাশমাৰ্গত মুখ্য ন্যায়াধীশগৰাকীয়ে যাত্ৰা কৰা বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে।
লগে লগে বিমানখনৰ বৈমানিকে কলকতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰে ।
উল্লেখ্য যে,বিমানখনত ব’বদেসহ ১৪৬ যাত্ৰী আছিল। দমদম বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে ব’বদেসহ ১৪৬ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা পৰে ।