মোদীৰ বিৰোধিতা কৰিলে মোহন ভাগৱতকো সন্ত্ৰাসবাদী হ’ব; কটাক্ষ ৰাহুল গান্ধীৰ

0 134

পুনৰ ৰাহুল গান্ধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ‘মোদীৰ বিৰোধিতা কৰিলেই বিৰোধীৰ গাত সন্ত্ৰাসবাদীৰ মোহৰ পৰে। মোহন ভাগৱতেও মোদীৰ বিৰোধিতা কৰিলে তেওঁকো হয়তো সন্ত্ৰাসবাদী বুলি কোৱা হ’ব।’

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধীসকল। সমান্তৰালকৈ কংগ্ৰেছেও কৃষি আইন সন্দৰ্ভত কেন্দ্ৰৰ বিৰোধিতাৰে সৰৱ হৈ পৰিছে কংগ্ৰেছ।

বৃহস্পতিবাৰে কেন্দ্ৰৰ কৃষি আইনৰ প্ৰতিবাদত ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰিছিল কংগ্ৰেছে। এই আইনৰ বিৰোধিতাৰে ২কোটি স্বাক্ষৰ সংগ্ৰহ কৰিছে কংগ্ৰেছে
বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰতিবাদ কৰি যাত্ৰা কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি ভৱন পোৱাৰ পূৰ্বেই কংগ্ৰেছৰ প্ৰতিবাদী যাত্ৰা আৰক্ষীয়ে বন্ধ কৰি দিয়ে।আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীকে ধৰি বহুকেইগৰাকী কংগ্ৰেছ নেতাক আটক কৰে।

Leave A Reply

Your email address will not be published.